মাজুলীত হাহাকাৰ : সোমবাৰে নিশা ছিগিল মথাউৰি - Assam Flood 2024 - ASSAM FLOOD 2024
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/01-07-2024/640-480-21843924-thumbnail-16x9-majulivcx.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Jul 1, 2024, 10:19 PM IST
মাজুলী, 1 জুলাই : আহাৰমহীয়া বানত বুৰ গৈছে মাজুলীৰ নৈপৰীয়া গাঁওসমূহ ৷ ঘৰৰ ভিতৰত একঁকাল, এবুকু পৰ্যন্ত পানী ৷ যোৱা কেবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ ৷ ফলত বাঢ়নী পানীয়ে বুৰাই পেলাইছে মাজুলীৰ বিভিন্ন অঞ্চল ৷
ইফালে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে সোমবাৰে নিশা মাজুলীত উটুৱাই নিলে মথাউৰি ৷ ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে ছিগিলে মাজুলী আউনীআটী সত্ৰৰ সমীপৰ জুগুনধাৰী গাঁও আৰু বোকোৰা গাঁৱৰ মাজৰ মথাউৰি ৷ এই ঠাইত মথাউৰি ছিগাৰ ফলত আউনীআটী সত্ৰৰ লগতে মাজুলীলৈ বৃহৎ ভাবুকি আহি পৰিছে ৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি বিজ্ঞানসন্মতভাৱে মথাউৰি নিৰ্মাণ নকৰাৰ ফলতেই বহ্মপুত্ৰৰ বানে উটুৱাই নিলে মথাউৰিটো ৷ ইতিমধ্যে বহ্মপুত্ৰৰ পানীয়ে বুৰাই পেলাইছে মথাউৰিৰ ভিতৰৰ বহুকেইখন গাঁও ৷ কেবাটাও পৰিয়াল এতিয়াও আৱদ্ধ হৈ আছে বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক : চৌদিশে প্ৰলয় : বলিয়া বানৰ বাবে বাতিল হ’ল বিবাহ অনুষ্ঠান - Assam Flood 2024