thumbnail

By

Published : Jul 18, 2022, 10:44 PM IST

ETV Bharat / Videos

Poor connection of BVEC: জৰুৰীকালিন সেৱা অন্তৰ্ভূক্ত কৰাৰ দাবীত উত্তাল বৰাক অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ চৌহদ

সোমবাৰে প্ৰতিবাদত মুখৰ হৈ পৰিল বৰাক উপত্যকাৰ একমাত্ৰ অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ চৌহদ (Student protest in Barak Valley Engineering College) ৷ মহাবিদ্যালয়ৰ চৌহদত জৰুৰীকালিন সেৱাৰ সকলো সা-সুবিধা অন্তৰ্ভূক্ত কৰাৰ দাবীত উত্তাল হ’ল মহাবিদ্যালয়ৰ চৌহদ (Deprived of emergency health services at Barak Valley Engineering College) ৷ জানিব পৰা মতে, দেওবাৰে নিশা কলেজৰ ময়ুক্ষি দাস নামৰ ছাত্ৰীগৰাকীয়ে কলেজৰ চৌহদত পিচলি পৰি গুৰুতৰভাৱে আহত হয় ৷ লগে লগে সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷ এই সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰাৰ পাচত খবৰ দিয়া হয় ১০৮ সেৱাক ৷ কিয়নো মহাবিদ্যালয়ৰ চৌহদত নাই কোনো জৰুৰীকালিন ব্যৱস্থা ৷ ইফালে তিনি-চাৰি ঘন্টা অপেক্ষা কৰাৰ পিছতো মহাবিদ্যালয়ৰ চৌহদত উপস্থিত নহ’ল এম্বুলেন্স সেৱাৰ বাহন ৷ যাৰ ফলত এখন ব্যক্তিগত বাহনেৰে হাস্পতাললৈ লৈ যোৱা হয় ছাত্ৰীগৰাকীক ৷ কেৱল ১০৮ সেৱাই নহয়, এই ক্ষেত্ৰত কলেজ কৰ্তৃপক্ষকো দোষাৰূপ কৰিছে অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ একাংশ শিক্ষাৰ্থীয়ে ৷ সেয়ে মহাবিদ্যালয়খনত জৰুৰীকালিন সেৱাৰ সকলো ব্যৱস্থা গ্ৰহণ কৰাৰ দাবীত সোমবাৰে হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদত বহে মহাবিদ্যালয়ৰ একাংশ ছাত্ৰ-ছাত্ৰী ৷

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.