দুৰ্নীতি নিৰ্মূলৰ লক্ষ্যৰে ৰাজ্য চৰকাৰৰ আন এক গুৰুত্বপূৰ্ণ পদক্ষেপ - ৰাজ্য চৰকাৰ
🎬 Watch Now: Feature Video
দুৰ্নীতি নিৰ্মূলৰ লক্ষ্যৰে ৰাজ্য চৰকাৰৰ আন এক নতুন পদক্ষেপ(Eradicate corruption) ৷ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ বিৰুদ্ধে সঘনাই উত্থাপিত হৈ আহিছে দুৰ্নীতিৰ অভিযোগ(Circle office of Assam) ৷ ৰাজ্যৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়সমূহ স্বচ্ছ, নিকা তথা দুৰ্নীতিমুক্ত কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে গুৰুত্বপূৰ্ণ পদক্ষেপ ৷ ৰাজহ বিভাগৰ কেবিনেট মন্ত্ৰী যোগেন মহনে মংগলবাৰে মৰাণত সংবাদ মাধ্যমৰ আগত এই কথা জানিবলৈ দিয়ে ৷ মন্ত্ৰীগৰাকীয়ে কয় যে, মাটি-বাৰী সংক্ৰান্তীয় সকলো কাম প্ৰত্যক্ষভাৱে তদাৰক কৰি আহিছে লাট মণ্ডলসকলে(LAT Mandals supervising land related activities) । শেহতীয়াকৈ লাট মণ্ডলসকলে ৰাজ্যৰ বিভিন্ন ঠাইত দুৰ্নীতি সংঘটিত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈ আহিছে(Allegations of corruption against Lat Mandals) । ইতিমধ্যে দুৰ্নীতিৰ অভিযোগত বহু কেইজন লাট মণ্ডল আটক হোৱাও পৰিলক্ষিত হৈছে । ইয়াৰ পাছতে লাটমণ্ডল পদটোত সংস্কাৰ অনাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে পদক্ষেপ । এতিয়াৰে পৰা লাট মণ্ডলসকলক জনা যাব লেণ্ড ৰেকৰ্ডাৰ (Land Recorder)হিচাপে । পূৰ্বে মণ্ডলসকলে একেটা কাৰ্যালয়তে বহু বছৰলৈকে কাৰ্যনিৰ্বাহ কৰি লিপ্ত হৈ আহিছে দুৰ্নীতিত ৷ দুৰ্নীতি নাইকিয়া কৰিবলৈ এতিয়াৰে পৰা মণ্ডল (লেণ্ড ৰেকৰ্ডাৰ) সকলে এটা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত পাঁচ বছৰ কাৰ্যনিৰ্বাহ কৰিব পাৰিব । লগতে মন্ত্ৰীগৰাকীয়ে কয়, পূৰ্বে মণ্ডলসকলে এটা কাৰ্যালয়ত ১৫ বছৰতকৈ অধিক সময় থকাৰ বাবে দুৰ্নীতি সংঘটিত কৰাত সুবিধা হৈছিল । দুৰ্নীতিৰ ক্ষেত্ৰত আপোচবিহীন স্থিতি গ্ৰহণ কৰি অহা ৰাজ্য চৰকাৰে গ্ৰহণ কৰিবলগীয়া নতুন পদক্ষেপে বিভাগটোত দুৰ্নীতিৰ মাত্ৰা হ্ৰাস কৰাব বুলি মন্ত্ৰীগৰাকীয়ে কয় । তদুপৰি যোগ্য আৰু মেধা যুৱক- যুৱতীয়ে যাতে মণ্ডল হ'ব পাৰে তাৰ বাবে ইতিমধ্যে ৰাজ্য চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে ।