অৰুণাচলৰ ইষ্ট চিয়াং জিলাৰ ৰুকচিনত আজিৰে আৰম্ভ চলুং উৎসৱ
🎬 Watch Now: Feature Video
অৰুণাচল প্ৰদেশৰ অসম-অৰুণাচল সীমান্তৰ পূৱ চিয়াং জিলাৰ ৰুকচিনত তিনি দিনীয়া বণাৰ্ঢ্য কাৰ্যসূচীৰে শুকুৰবাৰৰ পৰা আৰম্ভ হয় আদি জনগোষ্ঠীসকলৰ কৃষিভিত্তিক জাতীয় উৎসৱ চলুং (Solung festival begins at Rukchin) । আজিৰ প্ৰথম দিনৰ কাৰ্যসূচীত এই চলুং উৎসৱত উপস্থিত থাকে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু, সাংসদ তাপীৰ গাও তথা কেইবাজনো বিধায়ক তথা উচ্চ পদস্থ বিষয়া । পুৱাৰ ভাগত মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে অৰুণাচলৰ পূৱ চিয়াং জিলাত দুখন পকী দলং উদ্বোধন কৰে । এই উৎসৱতে সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত অসম-অৰুণাচল সীমান্তৰ সীমা সমস্যা সমাধানৰ (Assam Arunachal Pradesh border dispute) ক্ষেত্ৰত দুয়োখন ৰাজ্যই শান্তি আলোচনাৰে যুটীয়া সমিতি গঠন কৰাৰ কথা উল্লেখ কৰে ৷ লগতে দুয়োখন ৰাজ্যৰ সীমামূৰীয়া গাঁওবাসী ৰাইজৰ সহযোগত অতি শীঘ্ৰে সীমা সমস্যা সমাধানৰ আশ্বাস দিয়ে মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে ।