চোৰাং কাঠসহ চামগুৰিৰ কঠালগুৰীত জব্দ দুখন মিনি ট্ৰাক - চোৰাং কাঠসহ চামগুৰিৰ কঠালগুৰী মেজিগাঁৱত জব্দ দুখন মিনি ট্ৰাক
🎬 Watch Now: Feature Video

বুধবাৰে নিশা চামগুৰিৰ কঠালগুৰী মেজিগাঁৱত জব্দ দুখনকৈ মিনি ট্ৰাক (Smuggled wooden vehicles seized at Samaguri)৷ জব্দকৃত ট্ৰাককেইখনত আছিল চোৰাংভাৱে সৰবৰাহ কৰিবলৈ লোৱা বৃহৎ পৰিমাণৰ শাল আৰু খকন কাঠ ৷ তথ্য অনুসৰি, এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত কাৰ্বি আংলঙৰ পাৰ্কুপ বনাঞ্চলিক বিষয়াগৰাকীৰ নেতৃত্বত বুধবাৰে নিশা চলোৱা হৈছিল এক অভিযান । এই অভিযানতে লক্ষাধিক টকাৰ শাল আৰু খকন কাঠ জব্দ কৰা হয় ৷ অৱশ্যে আন্ধাৰৰ সুযোগ লৈ বাহন কেইখন এৰি পলায়ন কৰে গাড়ী চালক আৰু হেণ্ডিমেনে ৷ উল্লেখ্য যে, চলিত মাহত আন এক অভিযানতো পাৰ্কুপ বন বিভাগৰ দলটোৱে প্ৰায় ছয় লক্ষাধিক টকাৰ চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হৈছিল ।