বিয়াৰ প্ৰস্তুতি আধৰুৱা হৈ ৰ’ল: অকালতে গুচি গ’ল সমুজ্জল

By

Published : Jun 20, 2022, 6:50 PM IST

thumbnail

বানৰ মাজতে কান্দোনৰ ৰোল চাংসাৰিৰ এখন ঘৰত ৷ ঘৰখন বানত ডুবিলেও হয়তো ইমান হাহাকাৰ নকৰিলে হেতেন ৷ পিচে বানে কাঢ়ি নিলে ঘৰখনৰ সুখ-আনন্দ ৷ ঘৰখন হৈছে কামপুৰ আৰক্ষী থানাৰ (Kampur police station) ভাৰপ্ৰাপ্ত বিষয়া সমুজ্জল কাকতিৰ বাসগৃহ ৷ পৰিয়ালৰ বুকু শুদা কৰি বানে কাঢ়ি নিলে ঘৰখনৰ ডাঙৰ ল’ৰাটোক ৷ কামপুৰত বানত প্ৰাণ হেৰুৱালে সমুজ্জল কাকতিয়ে ( SI Samujjal Kakati lost his life in flood at kamupur) ৷ সমুজ্জল কাকতিৰ মৃতদেহ উদ্ধাৰ হোৱাৰ খবৰ ওলোৱাৰ পিচতে কান্দি কান্দি শোকত ভাঙি পৰিছে তেওঁৰ মাতৃ ৷ সমুজ্জল আছিল ঘৰখনৰ জ্যেষ্ঠ সন্তান । মৃত্যুৰ সময়ত পিতৃ-মাতৃৰ লগতে ভাতৃ এগৰাকীক এৰি যায় (Police person died at Kampur) । দেওবাৰে নিশাও ফোনযোগে পিতৃৰ সৈতে কথা পাতিছিল সমুজ্জল কাকতিয়ে ৷ ইফালে, পুতেকৰ বিয়াৰ বাবে যো-জাও চলাইছিল পিতৃ-মাতৃয়ে ৷ কিন্তু বোৱাৰী অনাৰ সপোন পূৰা নহ’ল ৷ অকালতেই সকলোকে কন্দুৱাই গুচি গ’ল সমুজ্জল ৷ তেওঁৰ মৃত্যুত ম্ৰীয়মান হৈ পৰিছে পৰিয়ালৰ লগতে ৰাজ্যবাসী ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.