Workshop at Tingkhong : সত্ৰীয়া সংস্কৃতিৰ কৰ্মশালাৰ সফল সামৰণি - বৰগীত আৰু খোল বাদনৰ কৰ্মশালা

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 26, 2022, 10:04 PM IST

গুৰু দুজনাৰ অমৰ সৃষ্টি ৰাজিক প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অহা টিংখাং সাংস্কৃতিক মঞ্চৰ আন এক মহৎ পদক্ষেপ । টিংখাং সাংস্কৃতিক মঞ্চৰ উদ্যোগত তথা সত্ৰীয়া কেন্দ্ৰ, গুৱাহাটী, স‍ংগীত নাটক অকাডেমী, নতুন দিল্লীৰ সহযোগত টিংখাঙৰ ৰাজগড়ত সফলতাৰে সমাপ্ত হয় সত্ৰীয়া নৃত্য, বৰগীত আৰু খোল বাদনৰ কৰ্মশালা (Workshop at Tingkhong)। ৰাজগড়স্থিত সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হোৱা এই ১৫ দিনীয়া কৰ্মশালাত অঞ্চলটোৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে । কৰ্মশালাত সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ প্ৰদান কৰে গুৱাহাটীৰ ড৹ মীৰানন্দা বৰঠাকুৰে । আনহাতে, বিশিষ্ট শিল্পী গৌতম বায়নে বৰগীত আৰু মনোজ দাসে শিক্ষাৰ্থীসকলক খোলবাদনৰ প্ৰশিক্ষণ প্ৰদান কৰে । সোমবাৰে কৰ্মশালাৰ সামৰণি অনুষ্ঠানত কৰ্মশালাৰ প্ৰশিক্ষাৰ্থীসকলৰ দ্বাৰা এক বৰ্নাঢ্য কাৰ্যসূচী ৰূপায়ন কৰে । শিক্ষাৰ্থীসকলে পৰিৱেশন কৰা সত্ৰীয়া নৃত্যৰ লয়লাস আৰু বৰগীতৰ ধ্বনিৰে মুখৰিত হৈ পৰে সমগ্ৰ অনুষ্ঠান ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.