বিদ্যালয় বন্ধ কৰাকলৈ টীয়কত প্ৰতিক্ৰিয়া - বিদ্যালয় বন্ধ কৰাকলৈ টীয়কত প্ৰতিক্ৰিয়া
🎬 Watch Now: Feature Video
অসম চৰকাৰে শেহতীয়াকৈ যি ১৯৫ খন বিদ্যালয় বন্ধ কৰি কাষৰীয়া বিদ্যালয়ৰ সৈতে সংলগ্ন কৰাৰ সিদ্ধান্ত ঘোষণা কৰিছে সেই সিদ্ধান্তৰ বিৰুদ্ধে ইতিমধ্যে যোৰহাট জিলাৰ টীয়কত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ(Assam Govt decision to amalgamation of schools) । যোৰহাট জিলাৰ মুঠ ১০ খন বন্ধ হ'বলগীয়া বিদ্যালয়ৰ ভিতৰত টীয়ক সমষ্টিত আছে পশ্চিম চাওখাট উচ্চ মাধ্যমিক বিদ্যালয় আৰু জগদুৱাৰ শংকৰদেৱ উচ্চ মাধ্যমিক বিদ্যালয় । এইখন জগদুৱাৰ শংকৰদেৱ উচ্চ মাধ্যমিক বিদ্যালয় । ৪০ বছৰৰ পূৰ্বে ৰাইজৰ দান বৰঙনিৰে প্ৰতিষ্ঠা কৰা বিদ্যালয়খন ২০২১ চনত প্ৰাদেশিকীকৰণ হৈছিল ।ইপিনে উপযুক্ত ছাত্র-ছাত্ৰী থকা, ভাল ফলাফল হোৱা স্বত্বেও জগদুৱাৰ শংকৰদেৱ উচ্চ মাধ্যমিক বিদ্যালয়খন বন্ধ কৰাৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ শিক্ষা মন্ত্ৰীগৰাকীলৈ আহ্বান জনাইছে অঞ্চলবাসীৰ লগতে শিক্ষক-ছাত্ৰ সমাজে ।