কাজিৰঙাত দুই ঢেকীয়াপতীয়াৰ জলকেলি

🎬 Watch Now: Feature Video

thumbnail
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এখন বিলত দুই ঢেকীয়াপতীয়াৰ জলকেলিৰ নান্দনিক দৃশ্য ৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ কহৰা বনাঞ্চলৰ অন্তৰ্গত ডাফলাং বনশিৱিৰ অঞ্চলৰ এখন বিলত দেখা পোৱা গৈছিল এই নান্দনিক দৃশ্য ৷ টুৰিষ্ট গাইড বিশ্বজিত ছেত্ৰীয়ে কেমেৰাত বন্দী কৰিছিল ঢেকীয়াপতীয়া দুটাৰ জলকেলিৰ এই বিৰল দৃশ্য ৷ লক ডাউনৰ পূৰ্বে কিছুদিন পৰ্যটনৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰাৰ সময়ত টুৰিষ্ট গাইডগৰাকীয়ে কেমেৰাত বন্দী কৰিছিল এই দৃশ্য ৷ বহি:ৰাজ্যৰ পৰ্যটকক কাজিৰঙাৰ মনোৰম দৃশ্য উপভোগ কৰাবলৈ নিয়াৰ সময়তে বিশ্বজিতে কেমেৰাত বন্দী কৰিছিল এই দৃশ্য ৷
Last Updated : Jul 9, 2021, 9:51 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.