ধুবুৰীত ৰঙালী বিহু উদযাপন - ঢোল, পেঁপা, গগনাৰ মাতত মুখৰিত হল ধুবুৰী
🎬 Watch Now: Feature Video
অসমীয়াৰ হিয়াৰ আমঠু ৰঙৰ উৎসৱ ৰঙালী বিহুক লৈ ৰাজ্যৰ চৌদিশে উখল-মাখল পৰিবেশ ৷ সমান্তৰালকৈ ৰঙালীৰ ৰঙত উদুলি-মুদুলি ধুবুৰীৰ বিভিন্ন অঞ্চল । ধুবুৰীৰ বিভিন্ন স্থানত উদযাপন কৰা হল হেঁপাহৰ ৰঙালী বিহুটি ৷ ধুবুৰী জিলা আৰক্ষী প্ৰশাসনৰ উদ্যোগত আৰক্ষী চাউনি খেলপথাৰত উদযাপন কৰা হয় ৰঙালী বিহু । ঢোল, পেঁপা, গগণাৰ মাতত মুখৰিত হল ধুবুৰী ৷ কৰ্তব্যৰ আৰক্ষী আৰু পৰিয়ালে ঘৰলৈ যাব নোৱাৰাৰ বাবে প্ৰতিবাৰেই ধুবুৰী আৰক্ষীয়ে এইদৰে উদযাপন কৰে ৰঙালী বিহু । এইবেলিও ৰঙৰ উৎসৱত ৰঙীন হ’ল ধুবুৰী আৰক্ষী চাউনী ।