এখন নৈ আৰু নৈ খনৰ সৈতে এজাক মানুহৰ এটা জীৱন্ত সম্পৰ্ক ! - sarbang noi
🎬 Watch Now: Feature Video

কোকৰাঝাৰ,৮জুন: কোকৰাঝাৰৰ উত্তৰ দিশৰ ৫০ কি.এম. নিলগত থকা সৰলপাৰা অঞ্চলৰ একমাত্ৰ ভৰষা চৰবাং নৈ । খেতি পথাৰৰ পৰা আৰম্ভ কৰি সকলো কামতে ব্যৱহূত হয় চৰবাং নৈৰ পানী । এক কথাত চৰবাং নৈ সৰলপাৰা অঞ্চলবাসীৰ জীৱনযাত্ৰাৰ এৰাব নোৱাৰা অংগ এই চৰবাং নৈ । সেয়ে নৈখনৰ প্ৰতি অঞ্চলবাসী অত্যন্ত সংবেদনশীল ৷ নৈখনৰ প্ৰবাহত যাতে কোনো অসুবিধাৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি শনিবাৰে অঞ্চলবাসী একগোট হৈ নৈখন পৰিষ্কাৰ কৰাৰ লগতে নৈখনত থকা ডাঙৰ ডাঙৰ পাথৰবোৰ উঠাই পানী যোৱাৰ সুব্যৱস্থা কৰি তোলে । ইফালে, কোকৰাঝাৰৰ নেৰছন নামৰ বেচৰকাৰী অনুষ্ঠানটোৱে ৫ লাখ টকাৰে নৈখন সংৰক্ষণ কৰাত সহায় কৰিছে অঞ্চলবাসীক । এতিয়া অঞ্চলবাসীৰ আশা ভাৰত চৰকাৰ অথবা অসম চৰকাৰৰ উন্নয়নৰ মুখ নেদেখা সীমান্তবাসীৰ একমাত্ৰ ভৰষাৰ নৈখন সংৰক্ষণৰ বাবে ৰজাঘৰৰ কোনোবা ওলাই আহিব ।