কৃষ্ণেন্দু পালক মন্ত্ৰীত্ব প্ৰদানৰ দাবী কৰিমগঞ্জ জিলা চা মর্চাৰ

By

Published : May 7, 2021, 9:36 PM IST

thumbnail

কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি সমষ্টিৰ পৰা বিধানসভা নিৰ্বাচনত পুনৰবাৰ বিপুল ভোটত জয়ী হয় বিজেপি প্ৰাৰ্থী কৃষ্ণেন্দু পাল ৷ এই উপলক্ষে শুকুৰবাৰে পাথাৰকান্দিৰ সোনাখিৰাস্থিত বিজেপিৰ মণ্ডল অফিচত এখন সংবাদমেলৰ আয়োজন কৰে কৰিমগঞ্জ জিলা চা মর্চাৰ বিষয়ববীয়াসকলে ৷ সংবাদমেলত বিষয়ববীয়াসকলে বিধায়কগৰাকীৰ বিগত সময়চোৱাৰ কাম কাজক প্ৰশংসা কৰাৰ লগতে তেখেতৰ সবল নেতৃত্বতে যোৱাটো লোকসভা নিৰ্বাচনত বিজেপিয়ে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে বুলি প্ৰকাশ কৰে ৷ উল্লেখ্য যে, উক্ত সংবাদমেলৰ জৰিয়তে জিলা চা মর্চাৰ তৰফৰপৰা বিধায়কগৰাকীক মন্ত্ৰীত্ব প্ৰদান কৰিবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু সভাপতি ৰঞ্জিত দাসৰ প্ৰতি আহ্বান জনায় ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.