চৰকাৰী আঁচনিৰ পৰা বঞ্চিত খোৱাঙৰ ক্ষুদ্ৰ মুগা পালক

🎬 Watch Now: Feature Video

thumbnail
ডিব্ৰুগড় জিলাৰ খোৱাঙৰ নাহৰণিৰ মিচিমি জানত তিলক ডেকাৰ বৰুৱাৰ লগতে বহু কেইগৰাকী মুগা পালকে 20 বিঘা মাটিত মুগা উৎপাদন কৰিছে যদিও নাই কোনো ধৰণৰ চৰকাৰী সহায় । প্ৰতিবছৰে তিনিবাৰকৈ মুগা উৎপাদন কৰা তিলক ডেকা বৰুৱাই জানিবলৈ দিয়া মতে, প্ৰতিবছৰে বিভাগীয় বিষয়াসকলে মুগা উৎপাদন পৰিদৰ্শন কৰিবলৈ আহে যদিও আজি পৰ্যন্ত কোনো ধৰণৰ সহায় আগবঢ়োৱা নাই এইসকল মুগা পালকে । ৰাজ্য চৰকাৰে মুগা উৎপাদনক এক মিছন হিচাপে লৈ আগুৱাই নিয়াৰ কথা ঘোষণা কৰিছে যদিও বিভাগীয় বিষয়াসকলৰ গুৰুত্বহীনতাৰ বাবেই অতি কষ্টৰ মাজেৰে মুগা শিল্প জীয়াই ৰাখিছে ক্ষুদ্ৰ মুগা খেতিয়কসকলে । উল্লেখ্য যে, প্ৰাচীন কালৰে পৰাই মুগা শিল্পই অসমক সুকীয়া মৰ্যদা প্ৰদান কৰি আহিছে । সম্প্ৰতি জলবায়ু বিষয়ক কাৰণৰ বাবে আকৌ অসমত মুগাৰ উৎপাদন উদ্বেগজনকভাৱে হ্ৰাস পাইছে । তথাপিও মুগা উৎপাদন কৰি জীৱন জীৱিকাৰ বাট মোকোলাইছে বহু মুগা পালকে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.