নতুন প্ৰযুক্তিৰে নিৰ্মাণ কৰা হ’ব ভগ্ন মথাউৰি : পীযুষ হাজৰিকা - ভাৰতীয় জনতা দলৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা
🎬 Watch Now: Feature Video

নতুন পদ্ধতিৰে ৰাজ্যৰ ভগ্ন মথাউৰিসমূহ উন্নত প্ৰযুক্তিৰ জড়িয়তে শীঘ্ৰেই মেৰামতি তথা নিৰ্মাণ হ’ব ৷ সৰু জিঅ’ বেগৰ সলনি বৃহৎ বৃহৎ জিঅ’ বেগেৰে বন্ধ কৰা হ’ব ভগ্ন মথাউৰিসমূহ ৷ মঙলবাৰে বাইহাটাৰ কমলপুৰৰ বান পৰিস্থিতি পৰিদৰ্শন কৰিবলৈ গৈ এই মন্তব্য কৰে জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই (Pijush Hazarika at Baihata)। মন্ত্ৰীগৰাকীয়ে কমলপুৰ সমষ্টিৰ বিহদিয়া, কলাজল, মুক্তাপুৰ, কমলপুৰ, দহগাঁও আদিকে কেইবাটাও আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰে । মন্ত্ৰী পীযুষ হাজৰিকাৰ লগতে স্থানীয় বিধায়ক দিগন্ত কলিতা, বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতায়ো বন্যাৰ্তৰ আশ্ৰয় শিবিৰসমূহ পৰিদৰ্শন কৰে ।