thumbnail

By

Published : Sep 22, 2022, 6:29 PM IST

ETV Bharat / Videos

নগাঁৱৰ চামগুৰিৰ পৰা নিশা আটক PFI ৰ জিলা সভাপতি

বৃহস্পতিবাৰে দেশজুৰি চলিছে PFI ৰ বিৰুদ্ধে NIA আৰু ED ৰ অভিযান (Raids against PFI) ৷ ইতিমধ্যে সংস্থা দুটাই দেশৰ কেইবাখনো ৰাজ্যৰ পৰা গ্ৰেপ্তাৰ কৰিছে শতাধিক PFIৰ নেতা-সদস্য ৷ অসমৰো কেইবাখনো জিলাত পুৱাৰ পৰাই সংস্থা দুটাৰ বিষয়াই চলাইছে অভিযান (NIA raids against PFI in Assam) ৷ বৰ্তমানলৈকে অসমত গ্ৰেপ্তাৰ কৰা হৈছে 10 জন PFI সদস্যক ৷ শেহতীয়াকৈ, নগাঁৱৰ চামগুৰিৰ পৰাও আটক কৰিছে PFI ৰ জিলা সভাপতি । নিশা কাৱৈমাৰীস্থিত বাসগৃহৰ পৰা আটক কৰিছে সংগঠনটোৰ জিলা সভাপতি ৰহমত উল্লাহ কাছিমীক । চামগুৰিৰ কাৱৈমাৰীত ঘৰ ৰহমত উল্লাহ কাছিমীৰ । জানিব পৰা মতে, আৰক্ষীৰ বিশেষ শাখাই আটক কৰে কাছিমীক । ইয়াৰ পূৰ্বেও পাকিস্তানৰ সমৰ্থনত ছছিয়েল মিডিয়াত পোষ্ট শ্বেয়াৰ কৰি আটক হৈছিল কাছিমী ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.