Passenger Bus catches fire: বিশ্বনাথত বাছত লাগিল জুই - বিশ্বনাথত সংঘটিত হয় এটা অঘটন
🎬 Watch Now: Feature Video

দেওবাৰে বিশ্বনাথত সংঘটিত হয় এটা অঘটন ৷ বিয়লি এখন যাত্ৰীবাহী বাছ মেৰামতি কৰি থকাৰ সময়তে হঠাৎ জ্বলি উঠিল দাউদাউকৈ (Passenger bus caught fire) ৷ এই ঘটনাৰ ফলত ৰাইজৰ মাজত হুৱাদুৱা পৰিস্থিতিৰ সৃষ্টি হয় । লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ পৰা মেৰামতিৰ বাবে অনা হৈছিল বাছখন ৷ শ্বৰ্ট চাৰ্কিটৰ বাবে এই অগ্নিকাণ্ড (Passenger Bus catches fire) সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷ অৱশ্যে পৰৱৰ্তী সময়ত ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয় ৷