Road accident : বোকাখাতত পথ দুৰ্ঘটনাত নিহত এজন - বোকাখাতত পথ দুৰ্ঘটনাত নিহত এজন
🎬 Watch Now: Feature Video
সোমবাৰে নিশা বোকাখাতৰ ASTCৰ সন্মুখত সংঘটিত হয় এটি পথ দুৰ্ঘটনা(Road accident at Bokakhat)৷ এই দুৰ্ঘটনাত থিতাতে নিহত হয় এজন যুৱক(One person died in road accident at Bokakhat)৷ নিহত যুৱকজনৰ নাম কৈলাখাত গাঁৱৰ ২০ বছৰীয়া পৰশমনি বৰা বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে, AS 05 R 7998 নম্বৰৰ HERO বাইকেৰে পূৱ দিশলৈ গৈ থকা অৱস্থাত AS 02 E 7484 মালবাহী ট্ৰাকৰ পিছফালে খুণ্ডা মৰাত নিয়ন্ত্ৰণ হেৰুৱাই ফুটপাথৰ ওপৰত বাগৰি পৰাৰ ফলত যুৱকজন থিতাতে নিহত হয় ৷ ইয়াৰ পিছতে ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে উদ্ধাৰ কৰে যুৱকজনৰ মৃতদেহ ৷ এই দুৰ্ঘটনাৰ ফলত সমীপৰে এজন হোটেল কৰ্মচাৰীও সামান্যভাৱে আহত হয় ৷