বিহালীত যুৱকক হত্যা কৰিলে পতি-পত্নীয়ে - one person brutally murdered in behali
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-15240090-thumbnail-3x2-bjehd.jpg)
সোমবাৰে বিহালী সমষ্টিৰ বৰগাং শুকানখুঁটিত সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড(Murder case in Bihali) ৷ বিহালী বৰগাং আৰক্ষী চকীৰ অন্তৰ্গত শুকানখুঁটি গাঁৱৰ গোপাল প্ৰজা নামৰ এজন যুৱকক একে গাঁৱৰেই এহাল পতি-পত্নীয়ে নিজা বাসগৃহত হাত ভৰি বান্ধি হানি-খুচি হত্যা কৰে (One person brutally murdered in Behali )। ইফালে, ঘটনা সন্দৰ্ভত অভিযুক্ত পতি-পত্নীক আটক কৰি সোধ-পোছ অব্যাহত ৰাখিছে আৰক্ষীয়ে । আনহাতে, অভিযুক্ত পতি-পত্নীৰ ৭ বছৰীয়া কন্যাক গোপাল প্ৰজাই ধৰ্ষণৰ চেষ্টা কৰিছিল বুলি অভিযোগ উঠিছে ৷ সেয়ে পিতৃ-মাতৃয়ে যুৱকজনক হত্যা কৰা বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰে ।