Jihadi in Assam: বৰপেটাত জেহাদী সন্দেহত পুনৰ এজনক গ্ৰেপ্তাৰ - জেহাদীৰ বিৰুদ্ধে বৰপেটা আৰক্ষীয়ে অভিযান
🎬 Watch Now: Feature Video
ৰাজ্যজুৰি ভয়ংকৰভাৱে শিপা মেলিছে জেহাদীয়ে ৷ সঘনাই ৰাজ্যত জেহাদী গ্ৰেপ্তাৰৰ ঘটনাই চকু কঁপালত তুলিছে ৰাজ্যবাসীৰ (Jihadi in Assam) ৷ বিগত দুদিনত মৰিগাঁও আৰু বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে বহুকেইজন জেহাদী ৷ সেয়ে বৰ্তমান জেহাদীৰ বিৰুদ্ধে বৰপেটা আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি তুলিছে ৷ ইফালে, দেওবাৰে জেহাদী সংগঠনৰ সৈতে জড়িত থকাৰ সন্দেহত পুনৰ আন এজন লোকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে(Jihadi arrested in Barpeta) ৷ অভিযুক্ত জেহাদীটোক বৰপেটাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত দেওবাৰে হাজিৰ কৰোৱা হয়(One person arrested alleged to link with Bangladeshi Jihadi) ৷ ইফালে, অভিযুক্ত জেহাদীটোক ৮ দিনৰ বাবে আৰক্ষী জিম্মাত ৰখা হৈছে ৷ অৱশ্যে জেহাদীটোৰ গ্ৰেপ্তাৰক লৈ এই মুহূৰ্তলৈকে আৰক্ষীয়ে সদৰি কৰা নাই কোনো ধৰণৰ তথ্য ৷ ইতিমধ্যে বৰপেটাত ধৃত ৮ জেহাদীক ৯ দিনৰ আৰক্ষী জিম্মাত লৈ মাৰাথন জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷