Man Elephant conflict : কলিয়াবৰত বন্যহস্তীৰ আক্ৰমণত নিহত এজন

By

Published : Jul 18, 2022, 6:25 PM IST

thumbnail

ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰায়েই সংঘটিত হৈ আহিছে বন্যহস্তীৰ ত্ৰাসৰ ঘটনা (Man elephant conflict in Assam) । হস্তী-মানুহৰ সংঘাতৰ ফলত ৰাজ্যখনত কেৱল মানুহৰে মৃত্যু হোৱাই নহয়, বহু কেইটা হাতীয়েও সাবটিছে মৃত্যুক ৷ সমান্তৰালকৈ কলিয়াবৰতো অব্যাহত আছে হাতী মানুহৰ সংঘাত (Man Elephant conflict at Kaliabor) ৷ জনাঞ্চললৈ বন্যহস্তীৰ আগমন তথা পথাৰৰ শষ্য নষ্ট কৰাৰ লগতে ঘৰ বাৰী ভাঙি চলোৱা তাণ্ডৱত বাৰুকৈয়ে বিপাঙত পৰি আহিছে কলিয়াবৰবাসী ৰাইজ (Wild elephant persecution at Kaliabor) ৷ সম্প্ৰতি খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা বন্যহস্তীৰ ত্ৰাসত প্ৰত্যেক নিশাই উজাগৰে কটাবলগীয়া হয় কলিয়াবৰবাসী ৰাইজ ৷ দেওবাৰে নিশা বন্যহস্তীৰ আক্ৰমণত নিহত হয় কলিয়াবৰৰ এজন ব্যক্তি (One killed in wild elephant attack at Kaliabor) ৷ কলিয়াবৰৰ লেংটেঙৰ নিজৰি বস্তিৰ ইনতাজ আলী নামৰ লোকজনক নিজৰ ঘৰতে বহি থকা অৱস্থাত হাতীয়ে আক্ৰমণ কৰে ৷ ফলত থিতাতে নিহত হয় লোকজন ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.