Child death in Tamulpur: জানত পৰি সলিল সমাধি কণমানিৰ - জানত পৰি কৰুণ মৃত্যু
🎬 Watch Now: Feature Video
তামুলপুৰৰ কুমাৰীকাটাত বৃহস্পতিবাৰে সংঘটিত হয় এটি শোকাৱহ ঘটনা । বাসগৃহৰ কাষেৰে বৈ যোৱা এটি জানত পৰি কৰুণ মৃত্যুক সাৱটিলে টিকু আলী নামৰ এটি কণমানিয়ে(Child death in Tamulpur)৷ ৰঙিয়াৰ মুৰাৰাৰ নিবাসী তথা কাপোৰৰ ব্যৱসায়ী আলটাফ আলী আৰু চাজিনা বেগমৰ একমাত্ৰ পুত্ৰ টিকু আলীৰ মৃত্যুক সহজভাৱে ল'ব পৰা নাই পিতৃ-মাতৃয়ে । প্ৰাপ্ত তথ্য অনুসৰি মাতৃ চাজিনা বেগমে পুত্ৰ টিকু আলীৰ সৈতে তামুলপুৰ জিলাৰ অন্তৰ্গত কুমাৰীকাটাত নিজ মাতৃগৃহলৈ ফুৰিবলৈ গৈছিল । শিশুটিয়ে মোমায়েকৰ ঘৰৰ কাষেৰে বৈ যোৱা জান এটাৰ পাৰত খেলি আছিল । খেলি থকাৰ মাজতে শিশুটি অন্তৰ্ধান হৈ পৰাত ঘৰৰ মানুহে শিশুটিক বিচাৰিবলৈ আৰম্ভ কৰে । তেনে সময়তে ঘৰৰ কাষৰ জানটোৰ পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ কৰা হয় শিশুটিৰ মৃতদেহ(Child drowned in the stream at Tamulpur) ।