On Camera : প্ৰাপ্য ধন বিচাৰি কৰ্কট ৰোগীয়ে উভতি ধৰিলে ঠিকাদাৰক
🎬 Watch Now: Feature Video
On Camera দুজন লোকৰ মাজত হতাহতি ৷ মাজুলীৰ জিলা উপায়ুক্তৰ কাৰ্যালয়(DC Office Majuli)ত শুকুৰবাৰে পৰিলক্ষিত হয় এই দৃশ্য ৷ ঘটনাৰ উৎস বিচাৰ কৰি জানিব পৰা মতে, বিগত তিনিবছৰে এগৰাকী কৰ্কট ৰোগীৰ পৰা বহু পৰিমাণৰ ধন আত্মসাৎ কৰি আহিছিল এজন ঠিকাদাৰে(Contractor embezzles money from cancer patients) ৷ নৃপেন দাস নামৰ ব্যক্তিগৰাকীয়ে ঠিকাদাৰগৰাকীৰ পৰা প্ৰাপ্য ধন বিচাৰি প্ৰায়ে তাগিদা দি আহিছিল ৷ ঠিকাদাৰগৰাকীয়ে বিভিন্ন অজুহাত দেখুৱাই ব্যক্তিগৰাকীক ধন আদায়ৰ পৰা বিৰত থাকে ৷ কিন্তু শুকুৰবাৰে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ চৌহদত মুখামুখি ঘটে দুয়োগৰাকীৰে আৰু স্থান-কাল পাহৰি লিপ্ত হয় হতাহতিত ৷ ঠিকাদাৰগৰাকীয়ে নৃপেন দাসৰ পৰা লোৱা প্ৰায় এক লাখ টকা দীৰ্ঘদিনৰে পৰা দিম দিম বুলি কৈ অনাদায় কৰি আহিছিল ৷ যাৰ বাবে ধৈৰ্যৰ বান্ধ ছিগে ব্যক্তিগৰাকীৰ আৰু উপায়ুক্তৰ কাৰ্যালয়ৰ চৌহদতে ঠিকাদাৰগৰাকীক হুংকাৰ প্ৰদান কৰি দাবী কৰে নিজৰ প্ৰাপ্য ধন ৷