Japanese Encephalitis infection: দৰঙত ভয়াৱহভাৱে বৃদ্ধি জাপানীজ এনকেফেলাইটিছৰ সংক্ৰমণ - দৰঙত ভয়াবহভাৱে বৃদ্ধি জাপানীজ এনকেফেলাইটিছৰ সংক্ৰমণ
🎬 Watch Now: Feature Video

ৰাজ্যত জাপানীজ এনকেফেলাইটিছৰ আতংক ক্ৰমাৎ বৃদ্ধি পাইছে (Japanese encephalitis infection increased in Assam) । দৰঙতো ভয়াৱহভাৱে বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছ ৰোগীৰ সংখ্যা । জিলা খনত ১ আগষ্টলৈকে ২২ গৰাকী জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হোৱাৰ সন্দেহ কৰিছে চিকিৎসকে । ইয়াৰে ৯ গৰাকী জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত বুলি নিশ্চিত কৰিছে চিকিৎসকে (People affected by Japanese encephalitis) । ইতিমধ্যে ৭ গৰাকীৰ মৃত্যু হৈছে আৰু ১৫ গৰাকী চিকিৎসাধীন হৈ আছে । ইয়াৰে তিনি গৰাকীৰ জাপানীজ এনকেফেলাইটিছত আৰু চাৰি গৰাকী জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগত মৃত্যু হয় বুলি জানিব পৰা গৈছে (3 people died in Japanese encephalitis) ।