thumbnail

By

Published : Jul 5, 2022, 10:06 PM IST

ETV Bharat / Videos

নাজিৰাত দাদাগিৰি কৰি আটক আৰক্ষী জোৱান

আৰক্ষীৰ হাতত আটক হ’ল খোদ আৰক্ষীৰ জোৱান ৷ অসম আৰক্ষীৰ বেটেলিয়ান বুলি দাদাগিৰি কৰি নাজিৰা আৰক্ষী হাতত আটক হ’ল পংকজ দাস ৷ ঘটনাৰ বিৱৰণি অনুসৰি, পংকজ দাস নামৰ লোকজনে তেওঁৰ সন্তানৰ চিকিৎসাৰ বাবে আহিছিল নাজিৰা নগৰস্থিত নাজিৰা চৰকাৰী সাহায্যপ্ৰাপ্ত চিকিৎসালয়লৈ ৷ কিন্তু চিকিৎসালয়খনলৈ আহি টিকট পোৱাত কিছু পলম হোৱাত খৰ্গহস্ত হৈ পংকজ দাসে চিকিৎসালয়খনৰ দুৱাৰ-খিৰিকিৰ গ্লাচ ভাঙি আচবাব লণ্ডভণ্ড কৰে । তাৰ পাচত ঘটনা সন্দৰ্ভত চিকিৎসালয় কৰ্তৃপক্ষই খবৰ দিয়ে নাজিৰা আৰক্ষীক ৷ ঘটনাস্থলীত নাজিৰা আৰক্ষীৰ এটা দল উপস্থিত হৈ আটক কৰে পংকজ দাসক ৷ জানিব পৰা মতে, পংকজ দাস ২৫ নং অসম আৰক্ষী বেটেলিয়ানৰ এজন জোৱান ( Nazira police arrest Jawan of Assam police battalion)৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.