নলবাৰীত প্ৰশাসনে দাহন কৰিলে ৪৯ কোটি টকাৰ নিচাজাতীয় সামগ্ৰী
🎬 Watch Now: Feature Video
নলবাৰী জিলাৰ টিহুত আজি দাহন কৰা হয় ড্ৰাগছকে আদি বহু নিচাজাতীয় সামগ্ৰী (Drugs burnt in Nalbari) । যোৱা ডেৰ বছৰে নলবাৰী জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা জব্দ কৰা হৈছিল প্ৰায় ৪৯ কোটি টকাৰ ড্ৰাগছ, হে’ৰইন, ব্ৰাউন চুগাৰ, গাঞ্জাৰ লগতে নিচাজাতীয় টেবলেট আৰু কফ চিৰাপ । জব্দকৃত ড্ৰাগছখিনি আজি জিলা আৰক্ষী অধীক্ষক পবিন্দ্ৰ কুমাৰ নাথৰ উপস্থিত দাহন কৰা হয় ৷ আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে, সমাজত মাৰাত্মক ব্যাধি ৰূপে গঢ় লৈ উঠা ড্ৰাগছকে আদি কৰি বিভিন্ন নিচাজাতীয় সামগ্ৰীয়ে ধ্বংসৰ গৰাহলৈ ঠেলি দিছে নৱ প্ৰজন্মক । সেয়েহে ড্ৰাগছ মুক্ত এখন সুস্থ সমাজ গঢ়িবলৈ জনসাধাৰণে আৰক্ষীক সহযোগ কৰিব লাগিব বুলি উল্লেখ্য কৰে আৰক্ষী অধীক্ষকগৰাকীয়ে । ড্ৰাগছ দাহন কাৰ্যসূচীত আৰক্ষীৰ লগতে উপস্থিত থাকে ন্যায়ালয়ৰ লোক ।