তিনিবছৰৰ পাছত আৰক্ষীৰ জালত পিতৃঘাতক ৰাজু - Son killed his father
🎬 Watch Now: Feature Video
প্ৰায় ৩০ বছৰ পূৰ্বৰে পৰা অৰুণাচল প্ৰদেশৰ পাচিঘাটৰ ৰুকচিনত কৰ্মসূত্ৰে বসবাস কৰিছিল ধেমাজিৰ চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত টেঙাবাৰীৰ পাকলুং গোৱালাই ৷ ২০২০ চনত পুত্ৰ ৰাজু গুৱালাৰ সৈতে হোৱা সংঘাটৰ ফলত ৰাজুৱে দাৰে ঘপিয়াই হত্যা কৰিছিল পিতৃ পাকলুং গোৱালাক(Son killed his father) । তাৰ পাছৰে পৰাই পলায়ন কৰি আছিল পিতৃহন্তা ৰাজু গোৱালা । ঘটনাক লৈ পাচিঘাট আৰক্ষী চকীত ৰুজু হৈছিল গোচৰ ৷ এই হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত ৰাজুক মঙলবাৰে বিয়লি বেলা ডিমৌৰ শ্যামজুলি নামৰ এখন ভিতৰুৱা গাঁৱত মোমায়েকৰ ঘৰত আত্মগোপন কৰি থকা অৱস্থাত ডিমৌ আৰক্ষীয়ে অতি কৌশলেৰে আটক কৰে (Father-killer arrested three years later) । ইয়াৰ পাছতে অৰুণাচলৰ পাচিঘাটৰ আৰক্ষী বিষয়া এব্ৰাহাম টায়িঙে ডিমৌ আৰক্ষী টহলদাৰী চকীত উপস্থিত হৈ ধৃত ৰাজুক চমজি লৈ পাচিঘাট থানালৈ লৈ যায় ৷