thumbnail

By

Published : May 3, 2021, 5:27 PM IST

Updated : May 3, 2021, 5:34 PM IST

ETV Bharat / Videos

অখিলৰ বিজয় সন্দৰ্ভত মাতৃ প্ৰিয়দা গগৈৰ প্ৰতিক্ৰিয়া

২০২১ ৰ বিধানসভা নিৰ্বাচনত কাৰাগাৰৰ পৰা প্ৰতিনিধিত্ব কৰা কৃষক নেতা তথা ৰাইজৰ দলৰ প্ৰাৰ্থী অখিল গগৈৰ নিৰ্বাচনী জয়ত সন্তোষ প্ৰকাশ মাতৃ প্ৰিয়দা গগৈৰ । ৰাষ্ট্ৰদ্ৰোহৰ দৰে দোষত কাৰাবন্দী হৈ থকা অখিল গগৈয়ে গেছ চিলিণ্ডাৰৰ চিহ্নত বিপুল ভোটত জয়লাভ কৰি বিধায়কৰ পদত অধিষ্ঠিত হোৱাত মাতৃ প্ৰিয়দা গগৈ আৱেগিক হৈ উঠিছে । পুত্ৰৰ এই সাফল্যত শিৱসাগৰবাসী ৰাইজৰ ওচৰত কৃতজ্ঞ বুলি জানিবলৈ দিছে । অনাগত সময়ত সমষ্টি উন্নয়নৰ বাবে, ৰাইজৰ বাবে কৰণীয় সকলোখিনি কাম কৰিবলৈ উৎসাহ আৰু পৰামর্শ দিব বুলি জনাইছে মাতৃ গৰাকীয়ে ৷ ৰাজনীতিলৈ আহিলেও অখিলৰ নীতি আদর্শ সালসলনি নহয় বুলি ষ্পষ্টকৈ কৈছে মাতৃ প্ৰিয়দা গগৈয়ে । মাতৃৰ এই বিশ্বাস বিধায়ক পুত্ৰই কিমান দূৰ সফল কৰি তোলে সেয়া অনাগত পাঁচ বছৰত লক্ষণীয় হ'ব ।
Last Updated : May 3, 2021, 5:34 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.