ঘোষণা কৰা হ’ল মিচিং ভাষাৰ পৰীক্ষাৰ ফলাফল - মিছিং ভাষাৰ পাঠ্যক্ৰমৰ ফলাফল
🎬 Watch Now: Feature Video
প্ৰাথমিক পৰ্যায়ৰ পৰাই গণিত আৰু ইংৰাজীৰ পাঠদান ইংৰাজী মাধ্যমত কৰা হ’ব (Maths and science will taught in English)। চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্যৰ জাতীয় দল-সংগঠনে অব্যাহত ৰাখিছে ধাৰাবাহিক প্ৰতিবাদ । এই ক্ষেত্ৰত নিজৰ স্থিতিত অটল থাকি ২০২১-২২ বৰ্ষৰ মিচিং আগম কেবাঙৰ দ্বাৰা আয়োজিত ছমহীয়া মিচিং ভাষা পৰীক্ষাৰ ফলাফল সোমবাৰে আনুষ্ঠানিকভাৱে ঘোষণা কৰে(Missing Language Course Result Declared) । ১২ জুনত সমগ্ৰ অসমত ৭৩ টা কেন্দ্ৰত সম্পন্ন হৈছিল এই পৰীক্ষা ৷ মিচিং ভাষা জীয়াই ৰখা আৰু প্ৰচাৰ প্ৰসাৰ সংগ্ৰামৰ এই পৰীক্ষাত মিচিং ৰাইজৰ অভূতপূৰ্ব সহাৰি লাভ কৰিবলৈ সক্ষম হয় বুলি জানিবলৈ দিয়ে মিচিং আগম কেবাং কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ডিম্বেশ্বৰ দলেই ।