সপ্তম ভাৰত ঔদ্যোগিক মেলা পৰিদৰ্শন প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ

By

Published : Apr 24, 2022, 8:39 AM IST

thumbnail
গুৱাহাটীত অনুষ্ঠিত সপ্তম ভাৰত ঔদ্যোগিক মেলা(7th IIF-UDYAM 2022) ত শনিবাৰে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে পৰিদৰ্শন(Rajnath visits India Industrial Fair in Guwahati) কৰে ৷ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সংগ দিয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, উদ্যোগ তথা বাণিজ্য দপ্তৰৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷ লঘূ উদ্যোগ ভাৰতীৰ উদ্যোগত চাৰিদিনীয়াকৈ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ(Khanapara Veterinary College Field) ত অনুষ্ঠিত হৈছে মেলাখন ৷ কাৰ্যসূচী অনুসৰি, ২২ এপ্ৰিলৰ পৰা ২৫ এপ্ৰিললৈ চলিব এই ঔদ্যোগিক মেলা ৷ এই মেলাখনত দেশৰ বিভিন্ন স্থানৰ পৰা অহা উদ্যোগীসকলে অংশগ্ৰহণ কৰিছে ৷ মেলাখনত কাপোৰ, খাদ্য সামগ্ৰী, আ-অলংকাৰ, হস্তনিৰ্মিত সা-সামগ্ৰীকে ধৰি অন্যান্য বিভিন্ন সামগ্ৰী উপলব্ধ হৈছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.