বিদ্যাঞ্জলী হৈছে জ্ঞানৰ অঞ্জলীঃ যোগেন মহন

By

Published : Sep 4, 2022, 7:12 PM IST

thumbnail
বিদ্যাঞ্জলী আঁচনি আৰু বিদ্যালয় বন্ধ কৰাক লৈ মন্ত্ৰী যোগেন মহনৰ গুৰুত্বপূৰ্ণ মন্তব্য(Minister Yogen Mahan remarks on closure of schools) । বিদ্যাঞ্জলী হ'ল জ্ঞান অঞ্জলী । বিদ্বানলোকে জ্ঞান দান দিব লাগে । অৰ্থবানলোকে নিজে শিক্ষা গ্ৰহণ কৰি অহা বিদ্যালয় সমূহত অৰ্থ দান দিব লাগে । আনহাতে বিদ্যালয় বন্ধ প্ৰসংগত মন্ত্ৰী গৰাকীয়ে কয় যে আজিকালি সকলোৱে চৰকাৰী বিদ্যালয়ত নিজৰ সন্তানক নপঢ়াই ব্যক্তিগত বিদ্যালয়ত পঢ়ুৱাই । গতিকে গ্ৰামাঞ্চলৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা নাইকীয়া হৈছে । গতিকে ছাত্ৰ-ছাত্ৰী নথকা বিদ্যালয় বন্ধ কৰি আন বিদ্যালয়ৰ লগত একত্রীকৰণ কৰিব লাগিব(Assam Govt decision to amalgamation of schools) । বন্ধ কৰা বিদ্যালয়সমূহৰ ছাত্ৰ- ছাত্ৰীৰ সংখ্যা বৃদ্ধি কৰিলে পুনৰ বিদ্যালয়সমূহ মুকলি কৰা হ'ব । যোৱা ৩ ছেপ্টেম্বৰত টিংখাং মহাবিদ্যালয়ৰ সোণালী জয়ন্তী সামৰণি অনুষ্ঠানত অংশ গ্ৰহণ কৰা পাছত সাংবাদিকৰ প্ৰশ্ন উত্তৰত এই মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.