ক'ভিড চেণ্টাৰ পালেগৈ মিকি-মিনি মাউচ - ক'ভিড চেন্টাৰ

🎬 Watch Now: Feature Video

thumbnail

By

Published : May 6, 2021, 8:09 PM IST

দেশ তথা ৰাজ্যত কৰ'ণা মহামাৰীয়ে ভয়াৱহ পৰিস্থিতি সৃষ্টি কৰাৰ মাজতেই ক'ভিড আক্ৰান্ত ৰোগীক মানসিক উৎকৰ্ষ সাধনৰ বাবে অথবা ক’ভিড সৃষ্ট পৰিস্থিতিৰ পৰা নিজৰ মনটোক কিছু সকাহ দিয়াৰ বাবে এক বিশেষ ধৰণৰ কৌশল অৱলম্বন কৰা হৈছে গুজৰাটৰ চূৰাটৰ এটা ক’ভিড কেয়াৰ কেন্দ্ৰত ৷ অটল ক’ভিড কেয়াৰ নামৰ চেণ্টাৰটোত মিকি-মিনি মাউচৰ দ্বাৰা ক'ভিড আক্ৰান্ত ৰোগীসকলে মানসিকভাৱে ভাগি নপৰাৰ বাবে গ্ৰহণ কৰা হৈছে এই ব্যৱস্থা ৷ এক সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰি ৰোগীসকলৰ লগতে চিকিৎসাকৰ্মীসকলৰ বাবেও ফল-মূল আৰু পুষ্টিকৰ খাদ্যৰ টোপোলা লৈ কেন্দ্ৰটোলৈ আহিছে মিকি-মাউচ ৷ ক’ভিড কেয়াৰ কেন্দ্ৰটোৰ নিৰীক্ষক কৈলাশ চোলাংকীয়ে জনাবলৈ দিয়া মতে হেল্পিং হেণ্ড নামৰ স্বেচ্ছাসেৱী সংস্থাৰ কৰ্মীসকলে গ্ৰহণ কৰিছে এই ব্যৱস্থা ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.