টীয়কৰ ৰাজপথত জ্বলিল প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰীৰ জুমুঠি - অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Sep 17, 2022, 5:25 PM IST

কেন্দ্ৰীয় কেবিনেটৰ সিদ্ধান্তত অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণ স্বীকৃতি প্ৰদান নকৰাত প্ৰতিবাদমুখৰ হৈ পৰিছে ৰাজ্য ৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে টীয়কতো সাব্যস্ত উত্তাল প্ৰতিবাদ (Matak Youth Association protest in Teok)৷ টীয়কৰ ৰাজপথত জ্বলিল প্ৰধানমন্ত্ৰী-মুখ্যমন্ত্ৰীৰ জুমুঠি (PM and CM Effigy burn in Teok)। আজি টীয়ক হাঁহচৰাত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত মটক যুৱ সন্মিলনৰ ভাতৃ সংগঠন আৰু মহিলা সংগঠনৰ সহযোগত দেশৰ প্ৰধানমন্ত্ৰী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ জুমুঠি দাহৰ কার্যসূচী গ্ৰহণ কৰা হয় (ST status of six communities) । এই কার্যসূচীত সন্মিলনৰ সভাপতি নবীন গগৈ, সম্পাদক হয়গ্ৰীৱ মাধৱ বৰুৱা, আকাশ চেতিয়া সহিতে প্ৰায় শতাধিক কৰ্মী উপস্থিত হৈ প্ৰতিবাদী কাৰ্যসূচী হাতত লয় ৷ লগতে অহা ২২ ছেপ্টেম্বৰত বিধানসভা ঘেৰাও আৰু ২৬ ছেপ্টেম্বৰত অসম বন্ধৰ কাৰ্যসূচী ঘোষণা কৰে আৰু এই কাৰ্যসূচী সমূহত সদৌ অসমবাসীৰ সহযোগিতা কামনা কৰে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.