Man died due to electrical short circuit: জনীয়াৰ ঘুৰাইপাৰাত বিদ্যুতৰ শ্বৰ্ট চাৰ্কিট হৈ এজনৰ মৃত্যু - Man died due to electrical short circuit
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-15878229-thumbnail-3x2-nb.jpg)
জনিয়াৰ ঘুৰাই পাৰাত বৈদ্যুৎস্পৃষ্ট হৈ এজন যুৱকৰ মৃত্যু হয় (Man died due to electrical short circuit) । মৃত যুৱকজনৰ নাম ঘুৰাই পাৰা গাঁৱৰ দুলাল আৰ্য্যৰ পুত্ৰ সঞ্জীত আৰ্য্য (৩৫) বুলি জানিব পৰা গৈছে ৷ নিজ ঘৰতে হোৱা বিদ্যুতৰ শ্বৰ্ট-চাৰ্কিটৰ বাবে যুৱকজনৰ মৃত্যু হোৱাৰ বিপৰীতে কথমপি প্ৰাণ ৰক্ষা পৰে সঞ্জীত আৰ্য্যৰ পত্নী ৷ ঘটনা অনুসৰি, পানীৰ মটৰৰ চুইছ বন্ধ নকৰাকৈ মটৰৰ তাৰ সংযোগ কৰিবলৈ যাওঁতে এই শোকাৱহ ঘটনাটো সংঘটিত হয় (Tragic incident at Jania) । পিছত পত্নীয়ে দৌৰা দৌৰিকৈ স্বামীক বচাবলৈ গৈ চেষ্টা কৰে ৷ লগে লগে সঞ্জীতক ওচৰ চুবুৰীয়া লোকৰ সহযোগত ততাতৈয়াকৈ বৰপেটা ফকৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয়ত (Fakhruddin Ali Ahmed Medical College) ভৰ্তি কৰা হয় যদিও চিকিৎসকে মৃত্যু বুলি ঘোষণা কৰে । এই ঘটনাক লৈ সম্প্ৰতি অঞ্চল জুৰি শোকৰ ছাঁ বিৰাজ কৰিছে । ইফালে অঞ্চলৰ ৰাইজে দুখীয়া পৰিয়ালটোৰ বাবে অসম চৰকাৰৰ ওচৰত এককালীন সাহাৰ্যৰ বাবে আহ্বান জনায় ।