তিনিচুকীয়াত নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত উত্তাল প্ৰতিবাদ - নাগৰিকত্ব সংশোধনী আইন বাতিল
🎬 Watch Now: Feature Video
তিনিচুকীয়াত নাগৰিকত্ব সংশোধনী আইন বাতিল কৰা, অখিল গগৈৰ মুক্তিৰ দাবীত আৰু পঞ্চশ্বহীদৰ সোঁৱৰণত জাতীয় গৰ্জন কাৰ্যসূচী ৰূপায়ন । CAA আন্দোলনে সম্পূৰ্ণ এটা বছৰ অতিক্ৰম কৰিলে । CAA আন্দোলনৰ বাবে শ্বহীদ হ'বলগীয়া হৈছিল পাঁচজনকৈ ছাত্ৰ । ইয়াৰ পিছতে এটা বছৰৰ অন্তত সমগ্ৰ অসমতে পুনৰ আৰম্ভ হৈছে CAA আন্দোলন । আজি তিনিচুকীয়া জিলাৰ সদৰ থানা চাৰিআলিস্থিত ড° ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিৰ সমীপত কৃষক মুক্তি সংগ্ৰাম সমিতি, তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত,বীৰ লাচিত সেনা,কCAA বিৰোধী যৌথ মঞ্চ আৰু কেইবাটাও জাতীয়-জনগোষ্ঠীয় দল-সংগঠনৰ সহযোগত নাগৰিকত্ব সংশোধনী আইন বাতিল কৰা , অখিল গগৈৰ মুক্তিৰ দাবীৰ লগতে পঞ্চশ্বহীদৰ সোঁৱৰণত এক জাতীয় গৰ্জন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।