কলিয়াবৰত কেশৱ মহন্তৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ - অগপ-বীজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কেশৱ মহন্ত
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-11115499-thumbnail-3x2-kl.jpg)
প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই ৰাজ্যত বৃদ্ধি পাইছে নিৰ্বাচনী তৎপৰতা ৷ সোমবাৰে কলিয়াবৰত উপস্থিত হৈ কলিয়াবৰ বিধানসভা সমষ্টিৰ অগপ-বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কেশৱ মহন্তৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । কেশৱ মহন্তই সভাত ভাষণ দি কয় যে, কলিয়াবৰৰ যিকোনো উন্নয়নমূলক কামৰ বাবে বিত্ত মন্ত্ৰী গৰাকীয়ে কেতিয়াও কৃপণালি কৰা নাই, সেয়া কলং বোৱাই নিয়াৰ ক্ষেত্ৰতেই হওঁক বা অসম সমবায় মৰাপাট কলৰ ক্ষেত্ৰতেই হওঁক । ভৱিষ্যতেও কলিয়াবৰৰ এনে উন্নয়নৰ বাবে বৰ্তমানৰ চৰকাৰখনক পুনৰ এক সুবিধা প্ৰদান কৰিবলৈ আহ্বান জনায় মন্ত্ৰী শৰ্মাই ৷