অসম আৰক্ষীয়ে খেনোক দেখি ৰান্ধে বাঢ়ে খেনোক দেখি দুৱাৰ মাৰে : কমল মেধি

By

Published : Jun 10, 2021, 8:45 PM IST

thumbnail
নগাঁৱৰ ৰূপহীহাটৰ ঘটনা সন্দৰ্ভত 'ৰাইজৰ দল’ৰ সাধাৰণ সম্পাদক কমল কুমাৰ মেধিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি যুৱকজনৰ মৃত্যুৰ ঘটনাটোক অত্যন্ত মৰ্মান্তিক বুলি অভিহিত কৰে ৷ সমগ্ৰ ঘটনা সন্দৰ্ভত এটা উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰি দোষীক দৃষ্টান্তমূলক শাস্তিৰ দাবী তোলে সাধাৰণ সম্পাদক গৰাকীয়ে ৷ আনহাতে, অসম আৰক্ষীয়ে যদি সঁচাকৈয়ে ঘটনাতো সংঘটিত কৰিছে তেন্তে অসম আৰক্ষীৰ ওপৰতো তীক্ষ্ণ নজৰ ৰাখিব লাগিব বুলিও মন্তব্য কৰে কমল কুমাৰ মেধিয়ে ৷ বিশেষকৈ তথাকথিত লকডাউনৰ সময়ত অসম আৰক্ষীয়ে খেনোক দেখি ৰান্ধে বাঢ়ে আৰু খেনোক দেখি দুৱাৰ মৰা নীতি প্ৰয়োগ কৰা বুলিও আৰক্ষীক সমালোচনা কৰে 'ৰাইজৰ দল’ৰ সাধাৰণ সম্পাদক গৰাকীয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.