thumbnail

টীয়কৰ ক্ষুদ্ৰ চাহ বাগিচাত ‘লুপাৰ’ৰ সন্ত্ৰাস

By

Published : Apr 25, 2021, 2:14 PM IST

এফালে ৰঙালীৰ উচাহ আৰু আনফালে ক’ভিডৰ সন্ত্ৰাস । ইয়াৰ মাজতে সকলো ব্যস্ত নিজ নিজ কৰ্মক্ষেত্ৰত । ব্যতিক্ৰমী নহয় ক্ষুদ্ৰ চাহ খেতিয়কসকল । কিন্তু সম্প্ৰতি চাহ খেতিয়কসকললৈ অশনি সংকেত নমাই আনিছে এবিধ পোকে । বিগত বৰ্ষত লক ডাউনৰ বাবে ক্ষুদ্ৰ চাহ খেতিয়কসকল বৃহৎ লোকচানৰ সন্মুখীন হৈছিল ৷ এইবাৰ কৰ’ণাই মহামাৰীৰ ৰূপ ধাৰণ কৰিলেও চাহ উদ্যোগসমূহত বাগিচাৰ উৎপাদিত কেঁচা চাহপাতেৰে চাহ প্ৰস্তুত কৰা কাৰ্য অব্যাহত আছে ৷ কিন্তু ‘লুপাৰ’ নামৰ এবিধ পোকৰ সন্ত্ৰাসে চাহ খেতিয়কসকলৰ জীৱনলৈ অমানিশা নমাই অনাৰ উপক্ৰম ঘটিছে । নিশাটোৰ ভিতৰতে এই পোকবিধে বিঘাই বিঘাই চাহপাত নষ্ট কৰা পৰিলক্ষিত হৈছে । চাওক এক বিশেষ প্ৰতিবেদন...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.