Illegal Cattle Smuggling: বোকাখাতত অবৈধ গৰু ভৰ্তি ট্ৰাক জব্দ - Illegal cow trafficking continues in Assam
🎬 Watch Now: Feature Video

ৰাজ্যত অব্যাহত আছে অবৈধ গৰু সৰবৰাহ কাৰ্য(Illegal cow trafficking continues in Assam) ৷ উজনি অসমৰ পৰা দৈনিক সৰবৰাহ হৈ আছে অবৈধ গৰু ৷ বোকাখাত আৰক্ষীৰ অভিযানত বোকাখাতৰ বৰজুৰিত ২৪ টাকৈ অবৈধ গৰু ভৰ্তি এখন পঞ্জাৱবডী ট্ৰাক জব্দ হয়(Cattle seized in Bokakhat) ৷ বোকাখাতৰ কুৰুৱাবাহীৰ পৰা ২৪ টাকৈ দমৰা গৰু ভৰ্তি AS02 CC 1699 নম্বৰৰ পঞ্জাৱ বডী ট্ৰাকখন নগাঁৱৰ চামগুৰিলৈ বুলি আনি আছিল ৷ তেনে অৱস্থাত বোকাখাত আৰক্ষীৰ এটি তহলদাৰী দলে অভিযান চলাই ২৪ টা গৰুসহ ট্ৰাকখন জব্দ কৰাৰ লগতে ট্ৰাকখনৰ চালক ৰকিবুল হুছেইন আৰু হেণ্ডিমেন কুদ্দুচ আলিক আটক কৰে ৷ বৰ্তমান বোকাখাত আৰক্ষীয়ে চালক আৰু হেণ্ডিমেনক সোধপোচ অব্যাহত ৰাখিছে ৷