শোণিতপুৰত স্বামীয়ে হত্যা কৰিলে পত্নীক - মিছামাৰী আৰক্ষী থানা
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-15266000-thumbnail-3x2-n.jpg)
বিগত 6 মে’ত শোণিতপুৰৰ মিছামাৰী আৰক্ষী থানাৰ অন্তৰ্গত চাৰিদুৱাৰ চাহ বাগিচাত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হৈছিল (Murder case at Rangapara) । প্ৰায় চাৰিদিন পূৰ্বে স্বামীয়ে হত্যা কৰি পত্নী তথা তিনিটা সন্তানৰ মাতৃ চুমী তেলেংগাক চাহ বাগিচাৰ মাজত পেলাই থৈ কৰি আছিল আত্মগোপন (Husband killed wife at Rangapara) । গোপন সূত্ৰৰ পম খেদি মিছামাৰী আৰক্ষী থানাৰ উপ-পৰিদৰ্শক তথা তদন্তকাৰী বিষয়া হাজি আলি চৰকাৰৰ নেতৃত্বত এক অভিযান চলাই ৰঙাপৰাৰ ৰূপাজুলি চাহ বাগিচাৰ পৰা পত্নীহন্তা স্বামী বিশাল তেলেংগাক আটক কৰিবলৈ সক্ষম হয় । ইতিমধ্যে এই হত্যাৰ কথা বিশাল তেলেংগাই স্বীকাৰ কৰিছে নিজ মুখে ৷ ইফালে বিশাল তেলেংগাই দ্বিতীয় বিবাহ কৰি প্ৰথমা পত্নী চুমি তেলেংগাক শাৰীৰিক আৰু মানসিকভাৱে অত্যাচাৰ চলাই অহাৰ অভিযোগ উত্থাপিত হৈছে ।