ETV Bharat / bharat

আপুনি বাৰু কেতিয়াবা মেকুৰীৰ আদ্যশ্ৰাদ্ধ অনুষ্ঠানলৈ গৈছেনে ? - PET CAT FUNERAL

এখন আড়ম্বপূৰ্ণ আদ্যশ্ৰাদ্ধ অনুষ্ঠান ৷ এই অনুষ্ঠানত অতিথিক আপ্যায়ন কৰিছে মৃতকৰ পছন্দৰ খাদ্যৰে ৷ মাছৰ জোলৰ পৰা সু-স্বাদু মিঠাইলৈকে...

woman organises pet cat funeral in West Bengal jalpaiguri
ডিকুৰ আদ্যশ্ৰাদ্ধ অনুষ্ঠান (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Feb 17, 2025, 4:53 PM IST

জলপাইগুৰি : পোহনীয়া জন্তুৰ প্ৰতি গৰাকীৰ ভাবিব নোৱৰা এটা বিশেষ টান থাকে ৷ কেৱল গৰাকীৰে নহয় পোহনীয়া জীৱ-জন্তুৱেও জানে কোন তাৰ আপোন বা পৰ ৷ পৰিয়ালৰ এজন সদস্য ঘৰৰ পৰা নাইকিয়া হৈ গ’লে কেনে অনুভৱ হয়, সেয়া হয়তো কাকো বুজাই কোৱাৰ প্ৰয়োজন নহয় ৷ তেনেদৰে এটা পোহনীয়া জন্তুৰ ক্ষেত্ৰটো ই ব্যতিক্ৰম নহয় ৷

আজি আমি ক’বলৈ লৈছো এগৰাকী গৃহিণীৰ মনৰ কথা, নাম সুপৰ্ণা সিনহা ৷ তেওঁৰ মৰমৰ এটা সৰু মেকুৰী আছিল ৷ যাক মৰমতে তেওঁ ডিকু বুলি মাতিছিল ৷ ডিকুক নেদেখিলে ব্যাকুল হৈ পৰিছিল গৃহিণীগৰাকী ৷ কিন্তু কালৰো যে কি পৰিহাস..

woman organises pet cat funeral in West Bengal jalpaiguri
এখন আড়ম্বপূৰ্ণ আদ্যশ্ৰাদ্ধ অনুষ্ঠান (ETV Bharat)

আজিৰে পৰা কিছুদিনৰ পূৰ্বে নিয়তিয়ে কাঢ়ি নিলে ডিকুৰ প্ৰাণ ৷ ডিকুৰ মৃত্যুক সহজে মানি ল’ব পৰা নাছিল গৃহিণীগৰাকীয়ে ৷ তথাপিও লাহে লাহে বৰ্তমানক যেন আঁকোৱালি ল’বলৈ ল’লে ডিকুৰ গৰাকী সুপৰ্ণা সিনহায়ে ৷

  • ডিকুৰ আদ্যশ্ৰাদ্ধ :

বৈদিক ৰীতি-নীতি অনুসৰিয়েই সুপৰ্ণা সিনহাই অন্ত্যেষ্টিক্ৰিয়াৰ কাম-কাজ সম্পূৰ্ণ কৰে ৷ লগতে সুপৰ্ণাই শেহতীয়াকৈ ডিকুৰ আদ্যশ্ৰাদ্ধৰ অনুষ্ঠানটো সম্পন্ন কৰে । আমি উল্লেখ কৰা এই ঘটনাটো হৈছে পশ্চিমবংগৰ জলপাইগুৰিৰ নয়াবস্তিৰ ৷

সুপৰ্ণাই ডিকুৰ আদ্যশ্ৰাদ্ধৰ দিনা ভকতক তাৰ পছন্দৰ সকলো বস্তুৱে খোৱাইছিল ৷ খাদ্যৰ তালিকাত কি কি আছিল জানে ? ভাত, বন্ধাকবিৰে ৰন্ধা মাছৰ মুৰি ঘন্ট, বাটা মাছৰ (Bata fish) তৰকাৰী, ৰৌ মাছৰ জোল, বিলাহী আৰু ধনিয়াৰ চাটনি আৰু দুবিধ মিঠাইৰ সৈতে গংগাৰামপুৰ দৈ ৷

ডিকুৰ আদ্যশ্ৰাদ্ধৰ অনুষ্ঠান (ETV Bharat)

উল্লেখ্য যে, স্থানীয় ৰাইজে জলপাইগুৰি চহৰত পোহনীয়া জন্তুৰ আদ্যশ্ৰাদ্ধ অনুষ্ঠান পূৰ্বে কেতিয়াও দেখা নাছিল । নয়াবস্তি পাৰাৰ সিনহাৰ ঘৰত ডিকুৰ আদ্যশ্ৰাদ্ধৰ আড়ম্বৰপূৰ্ণ ব্যৱস্থা দেখি স্থানীয় সকলো ৰাইজ আচৰিত হৈ পৰিছিল । উক্ত পৰিয়ালটোৱে জনোৱা অনুসৰি, যোৱা ৩ ফেব্ৰুৱাৰীত আকস্মিক মৃত্যু হৈছিল ডিকু নামৰ পোহনীয়া মেকুৰীটো ৷

নিয়ম অনুসৰি ১৩ দিনৰ পিছত অৰ্থাৎ বিগত শনিবাৰৰ দিনা ডিকুৰ শ্ৰদ্ধাৰ আয়োজন কৰে সুপৰ্ণাই । তেওঁ বৈদিক মন্ত্ৰ জপ কৰাৰ লগতে গীতা পাঠ কৰি ডিকুৰ শ্ৰদ্ধা অনুষ্ঠান সম্পূর্ণ কৰে । চাৰিজন পুৰোহিতে এই শ্ৰদ্ধাৰ অনুষ্ঠানটো সম্পন্ন কৰে । সুপৰ্ণাইও ডিকুৰ সন্মানত বন্ধু-বান্ধৱীক খোৱা-বোৱাৰ ব্যৱস্থা কৰে ।

ডিকুৰ আদ্যশ্ৰাদ্ধ (ETV Bharat)
  • সুপৰ্ণা সিনহা কোন ? :

সুপৰ্ণা সিনহা হৈছে এগৰাকী পশুপ্ৰেমী ৷ লগতে তেওঁ জলপাইগুৰিৰ সৰ্বশিক্ষা মিছনৰ এগৰাকী কৰ্মী । বহুদিনৰ পৰা তেওঁৰ ঘৰত এটা মেকুৰী আছিল । পোহনীয়া মেকুৰীবোৰৰ ভিতৰত আছিল বুলেট, ৰকেট, জুলজুল জামাই আৰু ডিকু । কিন্তু হঠাৎ ৩ তাৰিখে কনিষ্ঠ আৰু আটাইতকৈ মৰমৰ ডিকুৰ মৃত্যু হয় । চুবুৰীয়াৰ ঘৰত ডিকুক মৃত অৱস্থাত উদ্ধাৰ কৰা হয় । নিজৰ মৰমৰ পোহনীয়া জন্তুটোক হেৰুৱাই গৃহিণীগৰাকী মানসিকভাৱে ভাঙি পৰে ।

  • ডিকুৰ সন্দৰ্ভত কি কয় সুপৰ্ণাই :

সুপৰ্ণা সিনহাই কয়, "যেনেকৈ পৰিয়ালৰ কোনো সদস্যৰ মৃত্যু হ'লে তেওঁৰ আত্মাৰ শান্তিৰ বাবে প্ৰাৰ্থনা কৰা হয়, ঠিক তেনেদৰে ডিকুৰ মৃত্যুৰ পিছতো মই নিয়ম অনুসৰি ঘৰতে তেওঁৰ শ্ৰদ্ধা অনুষ্ঠানৰ ব্যৱস্থা কৰিলো । সি মোৰ পৰিয়ালৰ সদস্য আছিল । মোৰ ঘৰত আৰু বহুতো মেকুৰী আছে । মই জীৱ-জন্তুক বহুত ভালপাওঁ । ইহঁত মোৰ ল'ৰা-ছোৱালীৰ দৰেই ।"

  • পুৰোহিত লিটন চক্ৰৱৰ্তী :

ডিকুৰ শ্ৰদ্ধা অনুষ্ঠানটো নিয়াৰিকৈ সম্পন্ন কৰে পুৰোহিত লিটন চক্ৰৱৰ্তীয়ে । তেওঁ কয়, "পোহনীয়া জন্তুৰ অন্ত্যেষ্টিক্ৰিয়া একেবাৰে বেলেগ কথা । মানুহৰ অন্ত্যেষ্টিক্ৰিয়া যিদৰে কৰা হয়, মেকুৰীৰ অন্ত্যেষ্টিক্ৰিয়াও কৰা হৈছিল । জন্তুৰ প্ৰতি মানুহৰ ইমান মৰম দেখি ভাল লাগে ।"

লগতে পঢ়়ক : কল্লোলিনী কলকাতাৰ বুকুৰ পৰা হেৰাই যাব হালধীয়া টেক্সিবোৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.