KMSS Protest in Kalgachia: কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ - Human Chain Programme by KMSS in kalgachia
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-15918312-thumbnail-3x2-kalgachia.jpg)
কলগাছিয়াত চাৰিআলি চকত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ (Human Chain Programme by KMSS in Kalgachia)। ২০১৯ ইং বৰ্ষৰ বানপানীত ক্ষতিগ্ৰস্ত পৰিয়ালক আৰ্থিক সাহাৰ্য মোকলাই দিয়া, নিত্য ব্যৱহাৰ্য্য সামগ্ৰীৰ মূল্য হ্ৰাস কৰা, বেঁকী নৈৰ গৰাখহনীয়া প্ৰতিৰোধ কৰা, খহনীয়াগ্ৰস্ত পৰিয়ালক চৰকাৰী ভূমি প্ৰদান কৰাৰ লগতে মাটি বেচা-কিনা কৰাৰ চৰকাৰী অনুমতি প্ৰদান কৰা আদি বিভিন্ন দাবীৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সাব্যস্ত কৰে এই প্ৰতিবাদ । প্ৰতিবাদকাৰীসকলে হাতে হাতে প্লে কাৰ্ড, বেনাৰ ফেষ্টুন লৈ বিজেপি নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ শ্লোগান দি উত্তাল কৰি তোলে উত্তাল কৰি তোলে ৰাজপথ।