thumbnail

By

Published : Jun 4, 2022, 2:31 PM IST

ETV Bharat / Videos

মানিকপুৰত 104 বস্তা বাৰ্মিজ ছুপাৰী জ্বলালে আৰক্ষীয়ে

বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ চৌহদত বৃহৎ পৰিমাণ জব্দকৃত বাৰ্মীজ ছুপাৰি জ্বলাই দিয়ে আৰক্ষীয়ে (Manikpur Barmis supari burn)৷ ২০২১ চনৰ ২৫১ নম্বৰৰ গোচৰৰ ভিত্তিত আদালতৰ অনুমতিত শনিবাৰে পুৱা মানিকপুৰ আৰক্ষী থানাৰ চৌহদত 104 বস্তা কিলোগ্ৰাম ছুপাৰী জ্বলাই দিয়ে৷ আৰক্ষীয়ে জনোৱা অনুসৰি জব্দকৃত ৬৮৬৪ কিঃগ্ৰাঃ ছুপাৰীৰ বজাৰ মূল্য প্ৰায় ২৫ লাখ টকা৷ ছুপাৰীখিনি নানা ধৰণৰ পৰীক্ষাৰ অন্তত, মানৱ দেহৰ বাবে সম্পূৰ্ণ ক্ষতিকাৰক হোৱাৰ বাবে প্ৰসাশনে জ্বলাই দিয়া বুলি উপ আৰক্ষী অধীক্ষকে জানিব দিয়ে । ছুপাৰীখিনি জ্বলোৱাৰ সময়ত আৰক্ষী থানাত আৰক্ষী অধীক্ষক, উপ আৰক্ষী অধীক্ষক, জিলা তথ্য আৰু জনসংযোগ বিষয়া, খাদ্য আৰু অসামৰিক যোগান বিভাগ আৰু মাণিকপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া উপস্থিত থাকে৷

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.