কংস মামাৰ ভূমিকা গ্ৰহণ কৰিছে অসমৰ মুখ্য়মন্ত্ৰীয়ে: অখিল গগৈ

By

Published : May 23, 2022, 7:46 PM IST

thumbnail
পীযুষ হাজৰিকা আৰু হিমন্তবিশ্ব শৰ্মাক মোগল আখ্যা দি নিজকে লাচিতৰ বংশৰ মানুহ বুলি মন্তব্য কৰিলে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে (Himanta Biswa Sarma is called Mughal by Akhil Gogoi)৷ ‘‘দেশতকৈ মোমাই ডাঙৰ নহয় । অসম ভাৰতবৰ্ষৰ মামাৰ ইতিহাস নহয় । লাচিত বৰফুকনৰ মামা আৰু কংস মামাৰ কথা সকলোৱে জানে । ৰাজ্যৰ চৌদিশে চলিছে নৈৰাজ্যবাদ, তাৰে মাজতে আমাৰ মুখ্যমন্ত্ৰী গৰাকীয়ে এতিয়া কংস মামাৰ ভূমিকা গ্ৰহণ কৰিছে ৷’’ এই মন্তব্য় ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈৰ (Akhil Gogoi against Himanta Biswa Sarm)। সোমবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত চচলত শিলসাঁকোৰ উচ্ছেদিত লোকসকলক অতি শীঘ্ৰে পুনৰ সংস্থাপন দিয়াৰ দাবীত গ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে অখিল গগৈয়ে ৷ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাক কংস মামা আখ্যা দি অখিল গগৈয়ে মামাৰ লগত চেল্ফি নুঠিবলৈ কয় প্ৰতিবাদকাৰী সকলক । প্ৰতিবাদকাৰীৰ আগত এই গৰাকী মামাৰ চৰিত্ৰ অনুধাৱন কৰিব নোৱাৰিলে আপোনালোক মৰি যাব বুলিও কয় বিধায়কজনে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.