ডিব্ৰুগড় খোৱাঙত ভাৰতীয় ষ্টেট বেংকৰ শাখাৰ সন্মুখত উত্তপ্ত পৰিস্থিতি - State bank of India Khowang Branch
🎬 Watch Now: Feature Video

গ্ৰাহকক উপেক্ষা কৰি দিনৰ ১১ বজালৈকে বেংক নোখোলাত সোমবাৰে মৰাণৰ খোৱাংস্থিত ভাৰতীয় ষ্টেট বেংকৰ শাখাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় (Tense situation at Moran) । প্ৰায় ডেৰ শতাধিক গাঁৱক সংযোগ কৰি ৰখা খোৱাঙৰ ভাৰতীয় ষ্টেট বেংকৰ এই শাখাটো (State bank of India Khowang Branch) প্ৰায়ে দেৰিকৈ খোলাৰ অভিযোগ উত্থাপন কৰিলে স্থানীয় ৰাইজে ৷ লগতে বেংকটোৰ কৰ্মচাৰীৰ দুৰ্ব্যৱহাৰৰ বাবে বহু গ্ৰাহকে একাউণ্ট বন্ধ কৰাৰ লগতে বেলেগ শাখালৈ একাউণ্ট ট্ৰাঞ্চফাৰ কৰা বুলি উল্লেখ কৰি ক্ষোভ উজাৰিলে একাংশ গ্ৰাহকে ৷ ইফালে বেংকৰ শাখা পৰিচালকগৰাকীয়ে স্বাস্থ্যজনিত কাৰণত বেংকটো খোলাত পলম হোৱা বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে । লগতে বেংকৰ এই সমস্যাটো শীঘ্ৰে সমাধান কৰা হ'ব বুলি শাখা পৰিচালকগৰাকীয়ে প্ৰতিশ্ৰুতি দিয়ে ।