thumbnail

By

Published : Aug 4, 2022, 4:33 PM IST

ETV Bharat / Videos

Har Ghar Tiranga: মৰিগাঁৱত ৭৫তম স্বাধীনতা দিৱস উদযাপন উপলক্ষে বিশেষ সজাগতা সভা

ভাৰতৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস(75th Year of Independence Day of India) উপলক্ষে সমগ্ৰ দেশজুৰি স্বাধীনতাৰ অমৃত মহোৎসৱ অনুষ্ঠিত হ'ব (Azadi Ka Amrit Mahotsav) ৷ আজাদী কা অমৃত মহোৎসৱ পালনৰ জৰিয়তে ১৩, ১৪ আৰু ১৫ আগষ্টত এইবাৰ "হৰ ঘৰ ত্ৰিৰংগা" কাৰ্যসূচী গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে (Har Ghar Tiranga Abhiyan) । জন অংশীদাৰিত্বৰে 'হৰ ঘৰ ত্ৰিৰংগা' কাৰ্যসূচী সাফল্য মণ্ডিত কৰাৰ বাবে ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশবাসীক আহ্বান জনাইছে ৷ সমান্তৰালকৈ এই কাৰ্যসূচী সাফল্যমণ্ডিত কৰাৰ উদ্দেশ্যে মৰিগাওঁ জিলাৰ মৈৰাবাৰীত এখনি প্ৰস্তুতি সভা অনুষ্ঠিত কৰা হয় । মৰিগাঁও জিলাৰ সমবায় সমিতিসমূহৰ সহ পঞ্জীয়ক চন্দন দাস চামচুন নাহাৰ ৰনমী ৰং চং আৰু ছাইফুল ইছলাম উপস্থিত থাকি সকলো এজেন্টকে কিদৰে এই হৰ ঘৰ ত্ৰিৰাংগা কাৰ্যসূচী পালন কৰা হ'ব সেই বিষয়ে আলোচনা কৰা হয় । ইফালে, বিষয়াসকলে মৈৰাবাৰী, লাহৰীঘাট, নগাবন্দা, গৰৈমাৰী, লগতে দলৈগাও সমবায় সমিতিত হৰ ঘৰ ত্ৰিৰাংগা কাৰ্যসূচীৰ সজাগতা সভা অনুষ্ঠিত কৰে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.