পানীৰ মাজত গুৱাহাটী বিশ্ববিদ্যালয়: অৱশেষত গা-লৰিল জিলা প্ৰশাসনৰ

By

Published : May 17, 2022, 9:41 PM IST

Updated : May 17, 2022, 9:58 PM IST

thumbnail

যোৱা কেইবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত গুৱাহাটী বিশ্বাবিদ্যালয়ৰ কেবাটাও ছাত্ৰ আৰু ছাত্ৰী নিবাস জলমগ্ন হৈ থকাৰ ফলত ছাত্ৰ-ছাত্ৰীসকল অবৰ্ণনীয় পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে(Guwahati University submerged in water due to incessant rains) । যোৱা কিছু দিন ধৰি এই অবৰ্ণনীয় পৰিস্থিতি অব্যাহত থকাৰ পিছত অৱশেষত মঙ্গলবাৰে কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ গা লৰিল । জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ নিৰ্দেশৰ পাছতে তৎপৰ হৈ পৰে মহানগৰ জিলা প্ৰশাসন । জিলা প্ৰশাসনে জলসম্পদ বিভাগ আৰু গুৱাহাটী পৌৰ নিগমৰ সহায়ত গুৱাহাটী বিশ্ববিদ্যালয় আৰু নতুন ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী নলা মুকলি কৰি দিয়ে । ইয়াৰ ফলত মঙ্গলবাৰে সন্ধিয়া গুৱাহাটী বিশ্বাবিদ্যালয়ৰ কেবাটাও ছাত্ৰ আৰু ছাত্ৰী নিবাসত আৱদ্ধ হৈ থকা বৰষুণৰ পানী নলাৰে ওলায় যায় ।

Last Updated : May 17, 2022, 9:58 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.