একাঠু পানীৰ মাজত মৰাণৰ এখন বিদ্যালয়ত গুণোৎসৱ

By

Published : May 15, 2022, 7:36 PM IST

thumbnail

বুধবাৰৰ পৰা আৰম্ভ হৈছে তৃতীয় পৰ্যায়ৰ গুণোৎসৱ (Gunotsav Assam 2022) ৷ ৰাজ্যৰ প্ৰায় সংখ্যক চৰকাৰী বিদ্যালয়কত শৈক্ষিক দিশৰ আন্তঃগাঠনিৰ মান নিৰূপণ কৰিবলৈ বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে এই গুণোৎসৱ ৷ প্ৰথম পৰ্যায়ত অনুষ্ঠিত হোৱা দহখন জিলাত গুণোৎসৱৰ আজি পঞ্চমটো দিন । এনে সময়ছোৱাতে মৰাণৰ এখন বিদ্যালয়ত পানীৰ মাজতে ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰিবলগীয়া হৈছে গুণোৎসৱত ৷ একেৰাহে কেইবাদিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত দধীয়া মধ্য ইংৰাজী বিদ্যালয়ৰ চৌহদত চৌদিশে উপচি পৰিছে মহাবাহু ব্ৰহ্মপুত্ৰৰ নদীৰ বাঢ়নী পানী (Gunotsav held on water at Dadhiya Middle English School) । সম্প্ৰতি, বিদ্যালয়খনৰ চাৰিওফালে হোৱা বানপানীৰ ফলত সমস্যাত পৰিছে শিক্ষকৰ লগতে কণ কণ ছাত্ৰ-ছাত্ৰীসকল ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.