গুণোৎসৱত দুবাৰকৈ জিলাৰ ভিতৰত প্ৰথম স্থান পোৱা বিদ্যালয়ৰ শোচনীয় অৱস্থা

By

Published : May 15, 2022, 3:40 PM IST

thumbnail

গুণোৎসৱৰ তৃতীয় দিনাই বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম শিক্ষাখণ্ডৰ অন্তৰ্গত নাৰাৰভিটা সন্তেষপুৰ প্ৰাথমিক বিদ্যালয়ত সুকলমে অনুষ্ঠিত হয় গুণোৎসৱ (Gunotsav Assam 2022) । কণ কণ ছাত্ৰ-ছাত্ৰীৰ মুখত ইংৰাজী, হিন্দী, অসমীয়া আৰু বাংলা ভাষা শুনিবলৈ পাই গুণমুগ্ধ হৈ পৰিছে সৃজনগ্ৰাম শিক্ষাখণ্ডৰ সহ-পৰিদৰ্শক । কিন্তু দুবাৰকৈ জিলাখনৰ ভিতৰত প্ৰথম স্থান পোৱা বিদ্যালয়খনৰ অৱস্থা একেবাৰে শোচনীয় । বিদ্যালয়লৈ অহা-যোৱা কৰা পথচোৱা একেবাৰে তথৈবচ । বাৰিষা কালত সেই স্থান পানী, বোকাৰে কদৰ্যময় হৈ পৰে ৷ আনকি বিদ্যালয়খনত নাই উপযুক্ত শ্ৰেণীকোঠাৰ লগতে বাউণ্ডেৰী ৱালো । নাই বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা । শ্ৰেণী কোঠাৰ অভাৱত গছৰ তলত পাঠদান গ্ৰহণ কৰিবলগীয়া হয় শিক্ষাৰ্থীসকলে । বিদ্যালয়খনত আদৰ্শ আৰু উন্নত মানদণ্ডৰ শ্ৰেণীকোঠা আৰু পাঠদানৰ ব্যৱস্থা কৰিলে শিক্ষাৰ্থীয়ে আৰু অধিক সু-নাম কঢ়িয়াই অনিব পাৰিব বুলি উল্লেখ কৰে পৰিদৰ্শকগৰাকীয়ে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.