thumbnail

By

Published : Sep 26, 2022, 7:43 AM IST

ETV Bharat / Videos

বৰপেটাত মুক্তি যুঁজাৰু সন্মিলনৰ উদ্যোগত অধিৱেশন অনুষ্ঠিত

দেওবাৰে বৰপেটাত অনুষ্ঠিত হৈ যায় বৰপেটা মুক্তি যুঁজাৰু সন্মিলনৰ এখন অধিৱেশন (Freedom Fighters Conference held in Barpeta) ৷ ৰাজ্যিক মুক্তি যুঁজাৰু সন্মিলনৰ সভাপতি জিতেন্দ্ৰ নাথ শৰ্মাৰ লগতে কেবাগৰাকীও মুক্তি যুঁজাৰুৰ পৰিয়ালৰ লোকৰ উপস্থিতিত অনুষ্ঠিত অধিৱেশনখনিত কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ মুক্তি যুঁজাৰু সন্মিলনৰ দ্বাৰা মুক্তি যুঁজাৰুসকলে লাভ কৰা মুক্তি যুজাৰুৰ পেঞ্চন (Freedom fighters pension scheme) পত্নী অথবা সন্তানসকলকো প্ৰদান কৰা, ৰাজ্যৰ অভাৱগ্ৰস্থ মুক্তি যুঁজাৰুৰ পৰিয়ালসমুহক সাহাৰ্য প্ৰদান কৰা আৰু মুক্তি যুঁজাৰুৰ পৰিয়ালক চৰকাৰৰ পৰা বিদ্যুৎ, চিকিৎসা আদি বিনামূলীয়া সেৱা প্ৰদানৰ বাবে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰে ৷ অধিৱেশনতে বৰপেটা জিলা মুক্তি যুঁজাৰু সন্মিলন আৰু মুক্তি যুঁজাৰু উত্তৰাধিকাৰী সন্মিলন দুখনো গঠন কৰা হয় ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.