মেঘালয়ৰ আদা ব্যবসায়ীক নকল টকা দি ৰহাত আটক কামপুৰৰ হেদায়ত - Fake currency seized in Raha
🎬 Watch Now: Feature Video

শেহতীয়াকৈ ৰাজ্যত বৃদ্ধি পাইছে জাল নোটৰ ব্যৱসায়ী ৷ এই ক্ষেত্ৰত আৰক্ষীও তীব্ৰতৰ কৰি তুলিছে অভিযান প্ৰক্ৰিয়া ৷ ৰহাত শুকুৰবাৰে নিশা প্ৰবঞ্চনাৰ অভিযোগত আটক হয় এজন ৷ আটকাধীন যুৱকজন কামপুৰ ৰমনিপথাৰৰ হেদায়ত উল্লাহ বুলি জানিব পৰা গৈছে । ঘটনাৰ বিৱৰণী অনুসৰি, মেঘালয়ৰ এজন আদা ব্যৱসায়ীৰ পৰা আঠলাখ টকাৰ আদা ক্ৰয় কৰিছিল হেদায়তে ৷ কিন্তু তাৰ বিনিময়ত মেঘালয়ৰ ব্যৱসায়ীজনক আচল টকাৰ পৰিৱৰ্তে দিছিল নকল টকাৰ বান্দিল হে (Fake currency seized in Raha)। বগা কাগজৰ ওপৰত নকল টকা আঠা লগাই মেঘালয়ৰ ব্যৱসায়ীজনক দিছিল হেদায়তে । শুকুৰবাৰে ৰহা টোলগেটৰ নিকটৱৰ্তী ৰপহীতলি-কটহগুৰি সংযোগী পথত খেদি খেদি আটক কৰে হেদায়ত উল্লাহক (Fraudster arrested with fake currency )। ইতিমধ্যে হেদায়তৰ বিৰুদ্ধে ৰহা আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে মেঘালয়ৰ ব্যৱসায়ীজনে ।